আৰিফুল ইছলাম / গুৱাহাটী
বিশ্বৰ ভিতৰতে অধিক জাতি-জনগোষ্ঠী, ভাষা-সংস্কৃতিৰে ভৰি আছে আমাৰ দেশ ভাৰতবৰ্ষ। ভাৰতবৰ্ষৰ এখন সৰু ৰাজ্য হ'লেও এই ক্ষেত্ৰত পিছপৰি থকা নাই অসম। আন্তঃধৰ্মীয় সমন্বয়, ভাতৃত্ববোধ, ঐক্য-সংস্কৃতিৰ এক অনন্য ভূমি অসম। তেনে এক একতা-সমন্বয়ৰ বিৰল উদাহৰণ দাঙি ধৰিছে এগৰাকী মুছলমান কিশোৰীয়ে।
ইছলাম ধৰ্মাৱলম্বী এটা পৰিয়ালত জন্ম গ্ৰহণ কৰিলেও তেওঁ মাত্ৰ ১০ বছৰ বয়সতে দেৱভাষা সংস্কৃত আয়ত্ত কৰিছে আৰু গীতাৰ শ্লোকসমূহ সুন্দৰকৈ উচ্চাৰণ কৰি বিৰল প্ৰতিভাৰ প্ৰমাণ দিবলৈ সক্ষম হৈছে। সংস্কৃতৰ সমান্তৰালকৈ আৰবী ভাষাত কলিমা আৰু ছূৰাসমূহ সলসলীয়াকৈ মুখস্থ মাতি চৰ্চা লাভ কৰা এই প্ৰতিভাৱান কিশোৰীগৰাকী হৈছে নলবাৰীৰ শান্তিপূৰৰ নিবাসী আলিয়া নাছৰিন ৰহমান।
মকিবুৰ ৰহমান আৰু পাপৰি বেগমৰ জ্যেষ্ঠ কন্যা আলিয়া নাছৰিন ৰহমানে সংস্কৃতৰ উপৰিও আৰবী ভাষাত দোৱাসমূহৰো সঠিক উচ্চাৰণ কৰিব পাৰে। ইয়াৰোপৰি সত্ৰীয়া নৃত্য, গীত, ছবি অঁকা আদিতো পাকৈত প্ৰতিভাৱান কিশোৰীগৰাকী।
বৰ্তমান পঞ্চম শ্ৰেণীত পঢ়ি থকা আলিয়া নাছৰিন ৰহমানৰ পিতৃ মকিবুৰ ৰহমানে 'আৱাজ-দ্য ভইচ অসম'ৰ আগত কয়; "মোৰ ছোৱালীজনীক মই গীতাৰ শ্লোক শিকোৱাৰ কাৰণটো হ'ল আমি সকলোৱে সমন্বয়মুখী হ'ব লাগে আৰু সকলো ধৰ্মৰ কথা আমি জানিব লাগে। শিকা আৰু পঢ়াৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি থাকিব নালাগে। সেইবাবে স্কুলত শিকোৱা গীতাৰ শ্লোকসমূহ মই ঘৰতে তাইক অনুশীলন কৰিব দিওঁ আৰু মই নিজেও তাইক শিকাওঁ। তাই কেৱল যে গীতা শ্লোক পঢ়ে তেনেকুৱা কথা নহয়, মুছলমান সম্প্ৰদায়ৰ লোক হিচাপে মই মোৰ কন্যাক কোৰাণৰ শিক্ষাও দিছোঁ। মছজিদত যি মোক্তাবৰ শিক্ষা দিয়া হয়, তালৈ মই তাইক যাব দিওঁ আৰু তাইৰ যদিও নামাজ পঢ়াৰ বয়স হোৱা নাই, তথাপিও মোৰ লগত তাই নামাজো পঢ়ে।"
নামাজ পঢ়ি থকা মুহূৰ্তত আলিয়া নাছৰিন ৰহমান
মকিবুৰ ৰহমানে পুনৰ কয়, "আমাৰ মছজিদৰ মৌলানাৰ ওচৰত আলিয়াই বৰ্তমান কলিমা, নামাজ, ৰোজা, পাক-পবিত্ৰতাৰ বিষয়ে শিকি আছে। পিছলৈ তাইক মই সকলো ধৰ্মৰ বিষয়ে শিকোৱাৰ কথা ভাবিছোঁ। নৃত্যতো তাইৰ বহুত আগ্ৰহ আছে। সৰুৰে পৰা গান এটা বাজিলেই তাই নাচি দিয়ে। স্কুলৰ যিকোনো অনুষ্ঠানত তাই নৃত্য পৰিবেশন কৰিছে। নৃত্যৰ প্ৰশিক্ষণ বুলিবলৈ তাইৰ বিশেষ একো নাই, কিন্তু এই বছৰ মই তাইক এখন আৰ্ট স্কুলত নামভৰ্তি কৰি দিছোঁ, য'ত তাইক নৃত্যৰো প্ৰশিক্ষণ দিয়া হ'ব। আলিয়াই আমাৰ অঞ্চলত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণো কৰি আহিছে।"
আলিয়া নাছৰিন ৰহমানৰ গীতাৰ শ্লোক শুনি হিন্দু ধৰ্মাৱলম্বী বহুলোক অভিভূত হৈ পৰিছে। মুছলমান সমাজেও আলিয়াৰ এই প্ৰতিভাৰ শলাগ লৈছে। মকিবুৰ ৰহমানে কয়; "মানুহে যেতিয়া ছোৱালীজনীৰ প্ৰশংসা কৰে, তেতিয়া মোৰ খুব ভাল লাগে। মুছলমান সমাজৰ দুই এজন অজ্ঞ ব্যক্তি আছে, যিয়ে তাইক কিছু সমালোচনা কৰিছে। এইধৰণৰ অজ্ঞানতা দূৰ কৰিবৰ কাৰণেই আমি অধ্যয়ন কৰিব লাগে আৰু আমি সকলোৱে মিলাপ্ৰীতিৰে বসবাস কৰি থাকিব লাগে।"
পিতৃ-মাতৃ আৰু ভগ্নীৰ সৈতে আলিয়া নাছৰিন
এতিয়ালৈ আলিয়া নাছৰিন ৰহমানে বিভিন্ন প্ৰতিযোগিতাত বঁটা জয় কৰি প্ৰতিভাৰ প্ৰমাণ দিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ তেওঁ নলবাৰী জিলাৰ বিহানপূৰৰ কাজীপাৰা ক্লাৱৰ পৰা শিল্পী সাধনা বঁটা লাভ কৰিছে। অতি কম বয়সতে আলিয়া নাছৰিনৰ এই কৃতিত্বৰ বাবে পিতৃ মকিবুৰ ৰহমান আৰু মাতৃ পাপৰি বেগমৰ প্ৰচেষ্টাক শলাগ ল'বই লাগিব। পিতৃ-মাতৃয়ে আলিয়া নাছৰিনক অধ্যয়নৰ সমান্তৰালকৈ নিজৰ ভাষা, সংস্কৃতি, ধৰ্ম আৰু সমন্বয়ৰ শিক্ষা দি এগৰাকী প্ৰকৃত মানুহ হোৱাৰ পথ দেখুৱাইছে।