কৃষকৰ শস্য উৎপাদন বৃদ্ধিৰ বাবে অভিনৱ এপছ তৈয়াৰ কৰিছে যুৱ বিজ্ঞানী মুনীৰ খানে

Story by  Aasha Khosa | Posted by  Munni Begum • 1 Months ago
যুৱ বিজ্ঞানী মুনীৰ খান
যুৱ বিজ্ঞানী মুনীৰ খান
 
আছা খোছা / নতুন দিল্লী
 
এজন কৃষকে এতিয়া নিজৰ কৃষিভূমিত থকা খনিজ পদাৰ্থৰ পৰিমাণ পৰীক্ষা কৰিবলৈ এটা যন্ত্ৰ ব্যৱহাৰ কৰিব পৰা হৈছে। মাটিত পেঞ্চিলৰ দৰে সঁজুলি এটা সুমুৱাই দিলে মোবাইল এপত দেখুওৱা ৰিডিঙৰ সহায়ত কৃষকসকলে তেওঁলোকৰ কৃষিভূমি অম্লীয় নে ক্ষাৰকীয়, সেই কথা জানিব পাৰে আৰু কোনবোৰ মাটিত খনিজ পদাৰ্থ নোহোৱা হৈছে বা অধিক আছে, তাৰো সঠিক তথ্য লাভ কৰে। ইয়াৰ ফলত কৃষকসকলে শস্যৰ উন্নত উৎপাদনৰ বাবে সঠিক পৰিমাণৰ সাৰ ব্যৱহাৰ কৰিব পাৰে।
 
মিনাৰেল-ৰিডিং এই অভিনৱ যন্ত্ৰটো উদ্ভাৱন কৰি উলিয়াইছে উত্তৰ প্ৰদেশৰ খেৰী জিলাৰ গৌৰিয়া নামৰ এখন সৰু গাঁৱৰ বিজ্ঞানী মুনীৰ খানে। এতিয়া তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত applied scientist হিচাপে কাম কৰি আছে আৰু আমেৰিকাত এআই বেষ্ট গ্লাছ নামৰ এটা ষ্টাৰ্টআপ চলাই আছে।
 
কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ পৰা যুৱ বিজ্ঞানী বঁটা লাভ কৰিছে মুনীৰ খানে
 
মুনীৰ খানে উত্তৰাখণ্ডত অভিযান্ত্ৰিক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে আমেৰিকালৈ গুচি যায়। পঢ়া-শুনাৰ সময়ত তেওঁ ভাৰত চৰকাৰৰ পৰা পেটেণ্ট লাভ কৰা mineral reading deviceটো সৃষ্টি কৰিছিল আৰু এতিয়া সেইটো তেওঁ বিক্ৰীৰ বাবে ব্যৱসায়িকভাৱে উৎপাদন কৰিব পাৰে। এই উদ্ভাৱনৰ বাবে তেওঁ ভাৰত চৰকাৰৰ পৰা যুৱ বিজ্ঞানীৰ বঁটা লাভ কৰিছে।
 
বঁটা লাভ কৰাৰ পিছত তেওঁ সংবাদ সংস্থা আইএনএছক কয়, “মই এই যন্ত্ৰটো নিৰ্মাণ কৰিলোঁ যাতে কৃষকসকলে নতুন প্ৰযুক্তিৰ সহায়ত অধিক উৎপাদন লাভ কৰাৰ লগতে উৎপাদনৰ ব্যয় হ্ৰাস কৰিব পাৰে।”  মুনীৰ খানে কয় যে এই যন্ত্ৰটো মূলতঃ পামৰ মালিক আৰু ক্ষুদ্ৰ কৃষকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব। তেওঁৰ এই যন্ত্ৰটোৱে কৃষকসকলক তেওঁলোকৰ শস্যৰ বাবে প্ৰয়োজনীয় নাইট্ৰ’জেন, ফছফৰাছ, পটাছ, জিংক, ব’ৰনৰ দৰে খনিজ পদাৰ্থৰ সঠিক পৰিমাণ দেখুৱাই সহায় কৰে, যাৰ ফলত অতিৰিক্ত সাৰৰ প্ৰয়োজন কমি যায়।
 
খেতিপথাৰত মুনীৰ খান
 
ইয়াৰ পূৰ্বে মুনীৰে কলকাতাত আন্তঃৰাষ্ট্ৰীয় যুৱ বিজ্ঞানী বঁটা আৰু আন্তঃৰাষ্ট্ৰীয় উদীয়মান বিজ্ঞানী বঁটা ২০২০ লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও তেওঁ অধ্যাপক দুৰ্গেশ পন্তৰ নিৰ্দেশনাত ইন্টাৰনেট অৱ থিংছ (IoT) ব্যৱহাৰ কৰি স্মাৰ্ট ৱাটাৰ গুণগত মান মূল্যায়ন ব্যৱস্থাৰ বাবে এটা প্ৰকল্পত কাম কৰিছিল, যাৰ ফলত পেটেণ্ট আৰু প্ৰকাশিত গৱেষণা পত্ৰৰ সৃষ্টি হৈছিল। কলম্বিয়া বিশ্ববিদ্যালয়ত তেওঁ "হমি হাইড্ৰ'-এ স্মাৰ্ট ৱাটাৰ বটল" (Homie Hydro-A Smart Water Bottle) নামৰ এটা প্ৰকল্প প্ৰস্তুত কৰিছিল। তেওঁ ২০২১ত Best Project Award in Fall 2021 লাভ কৰিছিল।
 
তেওঁৰ লিংকডিন প্ৰফাইলত খানে আইটিটিডিৰ বিষয়ে লিখিছে, “আইটিটিডিৰ প্ৰতিষ্ঠাপক হিচাপে প্ৰকল্প পৰিচালনাৰ ওপৰত মোৰ মনোনিৱেশে আমাক সমগ্ৰ ভাৰততে ৱেব ভিত্তিক শিক্ষামূলক কাৰ্যসূচী আৰম্ভ কৰিবলৈ সক্ষম কৰিছে, যিয়ে প্ৰযুক্তি-চালিত শিক্ষণক লাভান্বিত কৰিছে। মেণ্টৰশ্বিপ আৰু শিক্ষাৰ প্ৰতি মোৰ সমৰ্পণৰ মূলতে এই বিশ্বাস যে পৰৱৰ্তী প্ৰজন্মক শক্তিশালী কৰাটো প্ৰযুক্তিগত উন্নতি আৰু সমাজৰ প্ৰগতিৰ বাবে অতি গুৰুত্বপূৰ্ণ।”
 
খনিজ ধৰা পেলোৱা যন্ত্ৰৰ বাবে পেটেণ্ট প্ৰমাণপত্ৰ
 
মুনীৰ আৰু তেওঁৰ বন্ধুসকলে ভাৰতত মহামাৰীৰ দ্বাৰা ক্ষতিগ্ৰস্ত পিছপৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীক কাৰিকৰী প্ৰশিক্ষণ আৰু পৰামৰ্শ প্ৰদানৰ বাবে "ইন্সটিউট অৱ টেকনিকেল ট্ৰেইনিং এণ্ড ডেভেলপমেণ্ট প্ৰাইভেট লিমিটেড" (আই টি টি ডি প্ৰাইভেট লিমিটেড) নামৰ এটা ষ্টাৰ্টআপ আৰম্ভ কৰিছে।
 
আইটিটিডিয়ে অনলাইন ক্লাছ, লাইভ প্ৰজেক্ট-ভিত্তিক ক্লাছ, আৰু দক্ষতা-ভিত্তিক প্ৰশিক্ষণ কাৰ্যসূচী আগবঢ়ায়। মুনীৰে নতুন দিল্লীত ভাৰতৰ কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহান, পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী, আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ ছিন্দেৰ পৰা যুৱ বিজ্ঞানী বঁটা লাভ কৰি তেওঁৰ কেৰিয়াৰক এক নতুন উচ্চতা দিবলৈ সক্ষম হৈছে।
 
কলম্বিয়া বিশ্ববিদ্যালয়ত মুনীৰ খানৰ দলৰ সৈতে কাম কৰি থকা এক দৃশ্য
 
মুনীৰৰ মতে, কৃষিভূমিবোৰ অনুৰ্বৰ হোৱাৰ বাবে চিন্তিত হৈ তেওঁ পণ্টনগৰ বিশ্ববিদ্যালয়ৰ ডাঃ দুৰ্গেশ পন্তৰ তত্বাৱধানত দুই সহযোগী আশুতোষ ভট্ট আৰু পংকজ অধিকাৰীৰ সৈতে এই নিৰীক্ষণ যন্ত্ৰটো প্ৰস্তুত কৰিছিল।